SEBA/HSLC Question Ans Bank 2024

প্ৰথম পাঠ - "বৰগীত" 

                                         শ্ৰী শ্ৰী মাধৱদেৱ ।



www.qution.online 



গুৰুত্বপূৰ্ণ শব্দৰ অৰ্থ সমূহ ঃ

পশিলো   ঃ প্ৰৱেশ কৰা।

যাহাকু  ঃ  যিজনক , যাক।

ধিয়ায়   ঃ ধ্যান কৰে।

নপাৱন্ত   ঃ নাপায়

ভৈলোহো  ঃ  হ'লে (হৈ গ'ল)

তুমিসে   ঃ তুমিয়েই
মোহ পাশঃমায়াৰ জৰী, মায়াৰ বন্ধন 
কহয় ঃ কয় 
দাসকু দাস ঃ দাসতকৈও দাস
ছোড়ঃ ত্যাগ কৰা ,ছিঙা দিয়া।


চমু প্ৰশ্নোত্তৰ ঃ

1. প্ৰশ্নঃ 'বৰগীত'টিৰ ৰচক কোন?
উত্তৰ ঃ বৰগীতটিৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ।

2. প্ৰশ্ন ঃবৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃবৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

3. প্ৰশ্ন ঃঅসমত নৱবৈষ্ণৱ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ ঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে   অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল।

4.  প্ৰশ্নঃমাধৱদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰ ঃ মাধৱদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম নৱবৈষ্ণৱ ধৰ্ম ।

5. প্ৰশ্ন ঃমাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?

উত্তৰ ঃ মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত হৈছিল।

6. প্ৰশ্ন ঃমাধৱদেৱৰ পিতৃ - মাতৃৰ নাম কি আছিল?

উত্তৰ ঃ মাধৱদেৱৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা।

7. প্ৰশ্ন ঃশংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?

উত্তৰ ঃ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ।

8. প্ৰশ্ন ঃমাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা ঠাইসমূহ কি কি?

উত্তৰঃ মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা ঠাইসমূহ হ'ল - বাৰাদি, গণককুছি, সুন্দৰীদিয়া,ভেলাদাংগা আদি।
9. প্ৰশ্ন ঃ মহাপুৰুষ মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম কি?
উত্তৰ ঃ মহাপুৰুষ মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম হ'ল 'নামঘোষাʼ।
10. 'নামঘোষাʼক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়?
উত্তৰ ঃ 'নামঘোষাʼত এহেজাৰটা ঘোষা থকা বাবে হেজাৰী ঘোষা বুলিও কোৱা হয়।
11. মহাপুৰুষ মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা।
উত্তৰ ঃ মহাপুৰুষ মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ'ল - ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ।
12. মহাপুৰুষ মাধৱদেৱ ৰচিত দুখন তত্বমূলক ৰচনাৰ নাম লিখা।

উত্তৰ ঃ মহাপুৰুষ মাধৱদেৱ ৰচিত দুখন তত্বমূলক ৰচনা হল- জন্মৰহস্য আৰু ভক্তি - ৰত্নাৱলী।
13.মাধৱদেৱ ৰচিত এখন নাটমূলক ৰচনা উল্লেখ কৰা।
উত্তৰ ঃ মাধৱদেৱ ৰচিত এখন নাটমূলক ৰচনা হ'ল- অৰ্জুন ভঞ্জন ।
14. বৰগীতটিৰ মাজেৰে মূলত কি ভাৱ প্ৰকাশ পাইছে?
উত্তৰ ঃ বৰগীতটিৰ মাজেৰে মূলতঃ ভক্তিমূলক ভাৱ প্ৰকাশ পাইছে।
15.কোনে শংকৰদেৱৰ পৰা বৰগীতসমূহ আৱৰাবলৈ নিছিল?
উত্তৰ ঃ কমলা বায়নে শংকৰদেৱৰ পৰা বৰগীতসমূহ আৱৰাবলৈ নিছিল।
Main page=www.quition.online

 পাঠ ভিত্তিক প্ৰশ্নোত্তৰ ঃ


১/চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ


Next Post Previous Post
No Comment
Add Comment
comment url